
বৰপেটা, ১৩ জানুৱাৰী (হি.স.)। আজি উৰুকা আৰু উৰুকা বুলি কলেই যেন মাছৰ কথা মনলৈ আহে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰত ভৰি পৰিছে ডাঙৰ ডাঙৰ ভিন্ন প্ৰজাতিৰ মাছেৰে । কয়াকুছি বজাৰত ১২ কেজি ওজনৰ বৰালী, ৮কেজি ওজনৰ চিতল , ৮ কেজি ওজনৰ আৰি মাছে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে । পুৱতি নিশাৰ পৰাই কয়াকুছিত নিজৰ পচণ্ডৰ মাছ ক্ৰয় কৰাৰ বাবে বজাৰত গ্ৰাহকৰ ভিৰ।
কোনোবাই যদি ক্ৰয় কৰিছে চিতল মাছ, আন এজনে ক্ৰয় কৰিছে ভকুৱা কোনোৱে লৈছে আৰি মাছ। ৰাজ্যৰ বিভিন্ন বজাৰলৈ কয়াকুছিৰ পৰায় ৰপ্তানি হয় বিভিন্ন ধৰণৰ মাছ। সেই বাবে দুপৰ নিশাই ব্যস্ত হৈ পৰিছে কয়াকুছি মাছৰ বজাৰ। হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে।উৰুকাৰ নিশা পৰিয়ালৰ সকলোৱে মিলি মাছে মঙহে এসাজ খোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিছে সকলোতে। কিন্তু চৰকাৰে নিৰ্ধাৰিত কৰা দামতকৈ অধিক দামত বিক্ৰী হল মাছ। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনে ডাঙৰ মাছ নিবলৈ অহা দেখিবলৈ পোৱা গল কয়াকুছি বজাৰত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ