
ধুবুৰী, ১৩ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি সোমবাৰে সন্ধিয়া কংগ্ৰেছী নেতা কৰ্মীৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। কংগ্ৰেছৰ নেতৃত্বত নায়েৰ আলগা আঞ্চলিক পঞ্চায়ত পুনৰ গঠন কৰা হয়।
উল্লেখ্য যে- যোৱা প্ৰায় ৮ মাহ পূৰ্বে গঠন হোৱা নায়েৰ আলগা আঞ্চলিক পঞ্চায়ত অবৈধ ভাৱে গঠন হোৱাৰ অভিযোগ তুলি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিৰোধী পক্ষ। অৱশেষত উচ্চ ন্যায়ালয়ে নায়েৰ আলগা আঞ্চলিক পঞ্চায়ত পুনৰ গঠনৰ নিৰ্দেশ দিয়ে। কংগ্ৰেছৰ নেতৃত্বত ৰিফা জুলকা সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পিছতেই কংগ্ৰেছ নেতা কৰ্মীৰ মাজত দেখিবলৈ পোৱা যায় উছাহৰ ঢল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ