এদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা বৰাক উপত্যকাত উপস্থিত
কাছাৰ, ১৩ জানুৱাৰী (হি.স.)। এদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড'' হিমন্ত বিশ্ব শৰ্মা আজি বৰাক উপত্যকাত উপস্থিত হয়।‌ প্ৰথমে সদ্য প্ৰয়াত বিজেপিৰ প্ৰবীণ নেতা কবীন্দ্ৰ পুৰকায়স্হৰ শিলচৰ স্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰবীণ নেতা জনৰ প্ৰতিচ্
এদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা বৰাক উপত্যকাত উপস্থিত


কাছাৰ, ১৩ জানুৱাৰী (হি.স.)। এদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা আজি বৰাক উপত্যকাত উপস্থিত হয়।‌ প্ৰথমে সদ্য প্ৰয়াত বিজেপিৰ প্ৰবীণ নেতা কবীন্দ্ৰ পুৰকায়স্হৰ শিলচৰ স্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰবীণ নেতা জনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।‌ইয়াৰ পিচত মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে শ্ৰী ভূমিলৈ যায়।‌

জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত এক সভাত মহিলা সকলৰ মাজত মহিলা উদ্যমিতা যোজনাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে।‌ইয়াৰ‌পিচত কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ ৰাজেশ্বৰপুৰত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত কাটিগৰা সমষ্টিৰ মুঠ ১৮,৫৭৮গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানৰ‌ শেষত সাংবাদিকৰে মুখামুখী‌হৈ মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনৰ নিৰ্বাচনৰ বাবে টিকটলৈ বিজেপিত কোনো‌ মতভেদ নাই। যি দুই এজনে আপত্তি কৰিব, টিকট পোৱাৰ পিছত চব ঠিক হৈ যাব। ইফালে, উদাৰবন্দত‌ ৰাজদীপ গোৱালা আৰু কাটিগৰাত কমলাক্ষ দে পুৰকায়স্হক বহিৰাগত বুলি স্হানীয় বিজেপি কৰ্মী সকলে অভিযোগ উত্থাপন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ‌। মন্তব্য, বহিৰাগত‌ নহয় অসমৰ‌‌ ভুমিপুত্ৰকহে বিজেপিয়ে দলীয় টিকট প্ৰদান কৰিব।‌ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী কৌশিক ৰাই, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, কাটিগৰাৰ প্ৰাক্তন বিধায়ক অমৰ চান্দ‌ জৈন সহ স্হানীয় বিজেপিৰ‌ কৰ্মী সকল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande