
ডিব্ৰুগড় ১৩ জানুৱাৰী (হি.স.): আজি অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু। ৰাজ্যজুৰি উৎসৱৰ উছাহ-উদ্দীপনা। কিন্তু এইবাৰ ভোগালী বিহু কিছু সোঁৱৰণীৰে ভৰা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে এইটো হ’ব প্ৰথমটো ভোগালী বিহু। ডিব্ৰুগড় জিলাৰ বানীপুৰ গাঁৱত বিশেষ ৰূপত ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ বানীপুৰ গাঁৱতো ব্যাপক প্ৰস্তুতি চলিছে ।
বানীপুৰ গাঁৱৰ যুৱক -যুৱতীসকলে এইবাৰ ৰংঘৰ আকৃতিৰ এক সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰিছে। উৰুকা নিশাত ভেলাঘৰত একেলগে এসাঁজ খোৱাৰ বাবে সকলো আয়োজন সম্পূৰ্ণ কৰি তোলা হৈছে। এইবাৰৰ ভোগালী বিশেষ এই কাৰণে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে পালন কৰা প্ৰথমটো ভোগালী বিহু। সেয়ে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ভেলাঘৰত জুবিন গাৰ্গৰ এখন ফটো সংৰক্ষণ কৰা হৈছে। লগত আছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিও।ইয়াৰ উপৰিও নতুন প্ৰজন্মৰ বাবে অসমীয়া পৰম্পৰা চিনাকি কৰাবলৈ ভেলাঘৰৰ কাষতে ছাত্ৰ-ছাত্ৰীসকলে জানিব পৰাকৈ সাজি তোলা হৈছে খালৈ, জাকৈ, দলা, পল, যঁতৰ, ৰাখি আদি পৰম্পৰাগত সামগ্ৰীসমূহ। এইদৰে পৰম্পৰা, সোঁৱৰণী আৰু সংস্কৃতিৰ মিলন ঘটাই বানীপুৰ গাঁৱে আদৰিবলৈ সাজু হৈছে ভোগৰ উৎসৱ ভোগালী বিহু।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ