
বৰপেটা, ১৩ জানুৱাৰী (হি.স.)। বৰপেটাৰোড চহৰত পুনৰ চুৰিকাণ্ড। বৰপেটাৰোডৰ ৭নং ৱাৰ্ডৰ বাসন্তীপাৰাৰ অজিত দেৰ ঘৰত চুৰি কাণ্ড।
ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সোণৰ অলংকাৰ, সোণৰ বিস্কুটসহ নগদ ডেৰ লাখ টকা। শনিবাৰে আত্মীয়ৰ মৃত্যুৰ খবৰ লবলৈ তেজপুৰৰ ৰঙাপাৰালৈ গৈছিল পৰিয়ালৰ লোকসকল।
আৰু আজি পৰিয়ালটেৰ লোকসকল ঘৰত উপস্থিত হৈ ঘৰৰ দৰ্জাৰ তলা ভাঙি চোৰে গডৰেজত থকা বৃহৎ পৰিমাণৰ সোণসহ নগদ ডেৰ লাখ টকা চুৰি কৰি নিয়ে। বৰপেটাৰোড চহৰত সঘনাই সংঘটিত হৈ থকা চুৰিৰ ঘটনাৰ মাজতে বাসন্তীপাৰাত সংঘটিত এই চুৰিৰ ঘটনাক লৈ চহৰবাসীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা