
হাউলী, ১৩ জানুৱাৰী (হি.স.)। আজি ভোগালীৰ উৰুকা। সমগ্ৰ ৰাজ্যবাসী ভোগালীৰ উৰুকাক লৈ ব্যস্ত।
ভোগালীৰ উৰুকা উপলক্ষে বৰপেটাৰ হাউলীৰ এখন বিদ্যালয়ত বহিছে ভোগালীৰ হাট ।
হাউলী শংকৰদেৱ শিশু নিকেতনত বহা ভোগালীৰ এই হাটত উপলব্ধ হৈছে লাৰু, পিঠা, বিভিন্ন শাক পাচলিকে ধৰি উৰুকাৰ নিশাৰ ভোজভাতৰ বাবে হাঁহ। মুলতঃ ভোগালীৰ পৰম্পৰা আৰু বজাৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীক ধাৰণা দিয়াৰ উদ্দেশ্যৰে হাউলীৰ শংকৰদেৱ শিশু নিকেতনে আয়োজন কৰিছে এই বিশেষ ভোগালীৰ হাট মেলাৰ।
এই হাট মেলাত ক্ৰেতা হিছাপে উপস্থিত থাকে বিদ্যালয়ৰ আচাৰ্য্য,আৰু অভিভাৱক সকলৰ লগতে চহৰখনৰ বিভিন্নজন লোক ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা