মৰঙিৰ পোৰাবঙলা খেল পথাৰত স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে সামুহিক সূৰ্য্য নমস্কাৰৰে যুৱ দিৱস পালন
গোলাঘাট, ১২ জানুৱাৰী (হি.স.)। মৰঙিৰ পোৰাবঙলা খেল পথাৰত স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে সামুহিক সূৰ্য্য নমস্কাৰৰে যুৱ দিৱস পালন৷ স্বামী বিবেকানন্দৰ জন্ম দিৱসটো সমগ্ৰ ভাৰতবৰ্ষতে যুৱ দিৱস হিচাপে পালন কৰা হয়৷ এই উপলক্ষে নুমলীগড় শোধনাগাৰ বিবেকানন
মৰঙিৰ পোৰাবঙলা খেল পথাৰত স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে সামুহিক সূৰ্য্য নমস্কাৰৰে যুৱ দিৱস পালন


গোলাঘাট, ১২ জানুৱাৰী (হি.স.)। মৰঙিৰ পোৰাবঙলা খেল পথাৰত স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে সামুহিক সূৰ্য্য নমস্কাৰৰে যুৱ দিৱস পালন৷

স্বামী বিবেকানন্দৰ জন্ম দিৱসটো সমগ্ৰ ভাৰতবৰ্ষতে যুৱ দিৱস হিচাপে পালন কৰা হয়৷ এই উপলক্ষে নুমলীগড় শোধনাগাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত মৰঙিৰ দৈগ্ৰোং বাগিচা খেল পথাৰত সামুহিক সূৰ্য প্ৰণাম কাৰ্যসুচী পালন কৰা হয়৷ পুৱা দহ বজাৰ পৰা অনুষ্ঠিত কাৰ্যসুচীৰ শুভ উদ্বোধন কৰে বিবেকানন্দ কেন্দ্ৰৰ সমন্বয়ক ডা° শোভাৰাণী বৰকটকীয়ে৷ সভাত মৰঙি ৰাজহ চক্ৰ বিষয়া ৰণন্ময় ভৰদ্বাজ, মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়া, সম্পাদক পৰাগজ্যোতি শইকীয়া, প্ৰাক্তন শিক্ষক মহেন শইকীয়া, বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ অধীক্ষক ডা° ৰঞ্জন কুমাৰ মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সূৰ্য্য নমস্কাৰ কাৰ্যসুচীত কুৰিখন বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande