আজি এইমছ গুৱাহাটীৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন
কামৰূপ, ১২ জানুৱাৰী (হি.স.)। আজি এইমছ গুৱাহাটীৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইমছ গুৱাহাটীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি গাম্ভীৰ্য্যপূৰ্ণ সভা। চিকিৎসা প্ৰতিষ্ঠানটিয়ে অতি কম সময়ৰ ভিতৰতে অসম আৰু উত্তৰ-পূব ভাৰতৰ বাবে সুলভ
আজি এইমছ গুৱাহাটীৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন


কামৰূপ, ১২ জানুৱাৰী (হি.স.)। আজি এইমছ গুৱাহাটীৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱস ।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইমছ গুৱাহাটীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি গাম্ভীৰ্য্যপূৰ্ণ সভা।

চিকিৎসা প্ৰতিষ্ঠানটিয়ে অতি কম সময়ৰ ভিতৰতে অসম আৰু উত্তৰ-পূব ভাৰতৰ বাবে সুলভ, বিশ্বমানৰ স্বাস্থ্যসেৱা, আধুনিক গৱেষণা আৰু চিকিৎসা শিক্ষাৰ এক দীপ্তিমান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

বিগত ছয় বছৰত প্ৰতিষ্ঠানখনিয়ে দহ লাখ ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে দুই হেজাৰৰো জটিল অস্ত্ৰোপ্ৰচাৰৰ কৰে।

কেঞ্চাৰ, স্নায়ু ৰোগ,হৃদ ৰোগৰ জটিল অস্ত্ৰোপ্ৰচাৰো বিগত সময়চোৱাত সম্পন্ন কৰে এইমছ গুৱাহাটীয়ে।

মানৱসেৱাত নিয়োজিত এইমছ গুৱাহাটীয়ে আগন্তুক দিনসমূহতো সৰ্বসাধাৰণে সহজে চিকিৎসা পোৱাকৈ কাম কৰি যোৱাকৈ অংগীকাৰবদ্ধ হয়।

আজিৰ এই অনুষ্ঠানত এইমছৰ সঞ্চালক অশোক পুৰানিক, এইমছ গুৱাহাটীৰ সভাপতি ভুপেন্দ্ৰ কুমাৰ সিং উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande