
চৰাইদেউ, ১২ জানুৱাৰী (হি.স.)। চৰাইদেউত কুখ্যাত চোৰৰ দলৰ এজনক আটক আৰক্ষীৰ। গভাইত চোৰকেইটাই নিশা নিশা চুৰি কৰি আহিছিল বৈদ্যুতিক তাঁৰ। স্থানীয় ৰাইজে বহুদিন ধৰি এই চোৰকেইটা বিৰুদ্ধে অভিযোগ দি আহিছিল আৰক্ষীৰ ওচৰত। অৱশেষত ৰাইজৰ অভিযোগৰ ভিত্তিতেই চৰাইদেউৰ কাকতিবাৰী আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে বৈদ্যুতিক তাঁৰ সহ চুৰি কাৰ্যত ব্যৱহৃত এখন বলেৰ পিকআপ ভান।
আৰক্ষীয়ে চুৰি কাৰ্য্যৰ লগত জড়িত এজন যুৱকক আটক কৰে যদিও তিনিজন কুখ্যাত চোৰ আৰক্ষী চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়।ইফালে অভিযোগ উত্থাপিত হৈছে যে আৰক্ষীক মেনেজ কৰি চোৰৰ দলটোক উদ্ধাৰ কৰিবলৈ এক বিশেষ চক্ৰ তৎপৰ হৈ পৰিছে। আৰক্ষীয়ে ধৃত যুৱকজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা চলায় থকাৰ লগতে এই চোৰ কেইটাক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা