আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ অসমীয়া যুৱ মঞ্চৰ
শিৱসাগৰ, ১২ জানুৱাৰী (হি.স.)। আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ। অসমীয়া যুৱ মঞ্চই ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোঁচৰায় আনে। কংগ্ৰেছত যোগ দিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে
আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ অসমীয়া যুৱ মঞ্চৰ


শিৱসাগৰ, ১২ জানুৱাৰী (হি.স.)। আমগুৰিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ। অসমীয়া যুৱ মঞ্চই ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোঁচৰায় আনে।

কংগ্ৰেছত যোগ দিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে বিতৰ্কিত ব্যক্তব্য কৰি জাতীয় সংগঠনৰ ৰোষত পৰিছে আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম চৰকাৰ। কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন আমছু নেতাগৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ বাবে অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে। আজি জাতীয় সংগঠনটোৱে আমগুৰি নগৰ চাৰিআলিত ৰেজাউল কৰিমৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোঁচৰাই লৈ ফুৰে। ইয়াৰোপৰি প্ৰতিকৃতিটো গছত ওলোমাই লৈ লঠিয়াই, গোৰিয়াই, থু পেলাই ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ পিছত প্ৰতিকৃতিটো দাহ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ভৱিষ্যতে যাতে তেনে বিতৰ্কিত মন্তব্য কৰাৰ পৰা বিৰত থাকে তাৰ বাবেও সকীয়াই দিয়ে ৰেজাউল সৰকাৰক।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande