নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
চৰাইদেউ, ১২ জানুৱাৰী (হি.স.)। নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ l নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত যোৱা নিশা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী বাঘ। কিছুদিন ধৰি বাগিচা কৰ্তৃপক্ষই বাগিচাখনত বাঘৰ উপস্থিতিৰ উমান পোৱাত লক্ষ্মীজান খণ্ড
নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ


চৰাইদেউ, ১২ জানুৱাৰী (হি.স.)। নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ l

নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত যোৱা নিশা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী বাঘ। কিছুদিন ধৰি বাগিচা কৰ্তৃপক্ষই বাগিচাখনত বাঘৰ উপস্থিতিৰ উমান পোৱাত লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ৰ বিষয়াক অৱগত কৰে। ৫ দিন পূৰ্বে বন বিভাগে বাগিচাৰ ১৫ নং লাইনৰ এক স্থানত পিঞ্জৰা স্থাপন কৰে । আজি পুৱা ভাগত বামুণপুখুৰী চাহ বাগিচাৰ শ্ৰমিকে উক্ত এলেকাত কাম কৰিবলৈ যাওঁতে বাঘৰ গুজৰণি শুনা পাই লগে লগে শ্ৰমিকে বাগিচাৰ পৰিচালকক অৱগত কৰে । বাগিচাৰ পৰিচালকে ক্ষীপ্ৰতাৰে বন বিভাগৰ লোকক জনোৱাত বিহুবৰ আৰু লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ৰ কৰ্মী আৰু বাগিচাৰ শ্ৰমিকৰ সহায়ত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ত চমজাই দিয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande