
বাক্সা, ১২ জানুৱাৰী (হি.স.)। বগোৰেশ্বৰ থানাৰ নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ভৱনৰ আধাৰশিলা স্থাপন।
আসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত ২ কোটি টকাৰে নিৰ্মাণ কৰিবলগা ভৱনৰ আধাৰশিলা স্থাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
আধাৰশিলা স্থাপন কৰি অধ্যক্ষ দৈমাৰীয়ে নতুন ভৱনত আৰক্ষীয়ে কাম কাজ ভালদৰে চলাই নিব পাৰিব আৰু ৰাইজেও এই ক্ষেত্ৰত উপকৃত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
ইফালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে হু ইজ হেমন্ত বিশ্ব শৰ্মা বুলি কৰা মন্তব্যৰ লগতে প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰে শিবসাগৰক ধুবুৰী বনাম বলি হুংকাৰ দিয়া সন্দৰ্ভত অধ্যক্ষ দৈমাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
২০২৬ নিৰ্বাচনকলৈ বিজেপি-বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভতো অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা