
গোলাঘাট, ১২ জানুৱাৰী (হি.স.)। মেৰাপানীৰ আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। এখন তীব্ৰবেগী ডাম্পাৰে এখন মটৰ চাইকেল মহতিয়াই যোৱাৰ ফলত এটি আঠবছৰীয়া শিশুৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় আন দুজন মটৰ চাইকেল আৰোহী। স্কুল ছুটীৰ পাছত দুই বাইক আৰোহীৰ সৈতে ঘৰলৈ আহি থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
নিহত ছাত্র জন জামুগুৰি জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত অৰ্ণৱ ভূঞা বুলি জানিব পৰা গৈছে । আহত কুশল দাস আৰু আনজন ছাত্ৰক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰলৈ প্ৰেৰণ কৰাৰ লগতে মৃত ছাত্র অৰ্ণৱ ভূঞাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে শতাধিক স্থানীয় ৰাইজ। ক্ষোভিত ৰাইজে ঘটনাস্থলীত বহুকেইখন ডাম্পাৰ আৱদ্ধ কৰি জৱাবদিহি কৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত অৱৈধভাৱে মাটি খনন কৰাৰ ফলত দিনকদিনে ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা