
মৰিগাঁও, ১২ জানুৱাৰী (হি.স.)। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক জাগীৰোড সমষ্টিলৈ উষ্ম আদৰণি।দুই শতাধিক বাইক ৰেলীৰে জাগীৰোডৰ সমীপৱৰ্তী টোপাতলী খেলপথাৰৰ পৰা জনায় এই আদৰণি। কিন্তু নিৰ্ধাৰিত সময়তকৈ প্ৰায় ডেৰ ঘন্টা পলমকৈ জাগীৰোডত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷
জাগীৰোডৰ পৰা বাইক ৰেলীৰে মৰিগাঁৱলৈ যোৱাৰ কথা আছিল যদিও মটৰচাইকেল লৈ ৰৈ থকা দলীয় কৰ্মীক নিৰাশ কৰি গাড়ীৰে মৰিগাঁৱলৈ ৰাওনা হয় সাংসদ গৰাকী ৷ আনহাতে সাংবাদিকৰ পৰাও আঁতৰি থাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ প্ৰতিক্ৰিয়া লবলৈ জাগীৰোডত ৰৈ থকা সাংবাদিকৰ সৈতে নকৰিলে কোনো বাৰ্তালাপ ৷ উল্লেখ্য যে, মৰিগাঁৱত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত অংশ ল’ব সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা