
বাক্সা, ১২ জানুৱাৰী (হি.স.)। বৰমাৰ কদমতলত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী ।
অনুষ্ঠানত উপস্থিত জিলাখনৰ ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩০ হেজাৰ মহিলা ।
আজিৰ অনুষ্ঠানৰ জৰিয়তে বাক্সা জিলাৰ ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ৩৫,৩২৪ গৰাকী মহিলাক ১০ হেজাৰকৈ ৩৫,৩২,৪০,০০০ টকা প্ৰদান কৰা হয় ।
ৰাজ্যৰ প্ৰায় ৭০ টা বিধানসভা সমষ্টিত ইতিমধ্যে মহিলা উদ্যমীতা আঁচনিৰ এই চেক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিব দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও এক বিশেষ কাৰণত তেওঁ কাৰ্বি আংলংঙলৈ যাব লগীয়া হোৱাত অনুষ্ঠানত থাকিব নোৱাৰিলে ।
মুখ্যমন্ত্ৰীৰ হৈ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মহিলাসকলক চেক বিতৰণ কৰি উক্ত কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে ।
ইফালে অহা ফেব্ৰুৱাৰী মাহত বাক্সা জিলাৰ আৰু নতুনকৈ ২০০০ মহিলাক অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
আগন্তুক বিধানসভা নিৰ্বাচন বিজেপিয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুজ তীগ্গা, বেগম আখটাৰা আহমেদ, বিধায়ক ভূপেন বড়ো, ফনীধৰ তালুকদাৰৰ লগতে বাক্সা জিলাৰ জিলা আয়ুক্ত গৌতম দাসৰ লগতে জিলাখনৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা