
শিৱসাগৰ, ১২ জানুৱাৰী (হি.স.)। উৰুকাৰ প্ৰাকক্ষণত ডিমৌবাসীক আছুৰ মুক্তিৰথ উপহাৰ।
কেন্দ্ৰীয় ৰঙালী বিহুৰ জমা ধনেৰে ক্ৰয় কৰিলে মৃতদেহ কঢ়িওৱা বাহন। ৰাইজক উৎসৰ্গা কৰিলে সমীৰণ ফুকনে। প্ৰতিবছৰে সকলো জাতি জনগোষ্ঠীক এক কৰি ডিমৌত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আয়োজন কৰি আহিছে।
বিগত ২০২৫ বৰ্ষৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন খন দেশৰ যুদ্ধ কালীন পৰিস্থিতিৰ বাবে বাতিল কৰে আছুৰ ডিমৌ আঞ্চলিক সমিতিয়ে। কিন্তু ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল বৰঙণি। জমা কৃত সেই বৰঙণিৰে মৃতদেহ কঢ়িয়াবৰ বাবে সুবিধা হোৱাকৈ এখন বাহন ক্ৰয় কৰি আছুৱে। সোমবাৰে উৰুকাৰ প্ৰাক দিনটোত ডিমৌবাসীক মুক্তিৰথ নামৰ সেই বাহন খন উপহাৰ দিয়ে। এই বাহন খন চাকি পকাই স্টাট দি মুকলি কৰে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। এই মুক্তিৰথ খনে ডিমৌবাসীৰ দীৰ্ঘ দিনীয়া অভাৱ পূৰণ কৰিব বুলি আছুৰ সাধাৰণ সম্পাদক জনে আশা কৰি ৰাইজক উৎসৰ্গা কৰে।।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা