
উন্নয়নৰ পৰা বঞ্চিত ১ নং ধৰমপুৰ আৰু ২ নং ধৰমপুৰ গাওঁ।
কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলা তথা দোতমা বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাখৰীয়া চাওঁতাল অধ্যুষিত ১ নং ধৰমপুৰ আৰু ২ নং ধৰমপুৰ গাওঁ দুখনৰ প্ৰায় ৮২ টা পৰিয়ালে খোৱা পানীৰ অভাৱত ভুগিছে। গাঁও দুখনৰ লোকসকল মাত্ৰ দুটা কুঁৱাৰ ওপৰত নিৰ্ভৰ কৰি জীৱন অতিবাহিত কৰি আছে।
প্ৰতিদিনে কোনোবাই চাইকেলেৰে আৰু কোনোবাই মুৰত পানীৰ কলহ লৈ দূৰ দুৰণি পৰা পানী ঘৰলৈ আনিবলৈ বাধ্য় হোৱা পৰিলক্ষিত হয়। স্বাধীনতাৰ অমৃত কাল পাৰ কৰিও উন্নয়নৰ পৰা বঞ্চিত গাওঁ দুখন । ৰাস্তাঘাট আদি কৰি দৈনন্দিন প্ৰয়োজনীয় পানীৰ বাবে হাহাকাৰ । উক্ত গাওঁ দুখনত পানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা কোকৰাঝাৰ জিলা প্ৰশাসনক সদৌ চাওঁতাল ছাত্ৰ সন্থাই দাবী কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ