ধুবুৰীৰ মাজ মজিয়াত বছৰ বছৰ ধৰি গেলা পঁচা এক দুৰ্গন্ধময় পৰিৱেশ বিৰাজ
ধুবুৰী ১০ জানুৱাৰী (হি.স.): ধুবুৰীৰ মাজ মজিয়াত বছৰ বছৰ ধৰি গেলা পঁচা এক দুৰ্গন্ধময় পৰিৱেশে আহুকালৰ সৃষ্টি কৰিছে । চহৰ খনৰ মাজ মজিয়াত অবস্থিত এই ঠাই ডোখৰৰ আছে এক সূকীয়া মৰ্যদ্যা। কাৰণ ঠাই ডোখৰৰ আশে পাশে আছে দুখনকৈ ছোৱালী মহাবিদ্যালয়, ধুবুৰীৰ যুট
ধুবুৰীৰ মাজ মজিয়াত বছৰ বছৰ ধৰি গেলা পঁচা এক দুৰ্গন্ধময় পৰিৱেশ বিৰাজ


ধুবুৰী ১০ জানুৱাৰী (হি.স.): ধুবুৰীৰ মাজ মজিয়াত বছৰ বছৰ ধৰি গেলা পঁচা এক দুৰ্গন্ধময় পৰিৱেশে আহুকালৰ সৃষ্টি কৰিছে । চহৰ খনৰ মাজ মজিয়াত অবস্থিত এই ঠাই ডোখৰৰ আছে এক সূকীয়া মৰ্যদ্যা। কাৰণ ঠাই ডোখৰৰ আশে পাশে আছে দুখনকৈ ছোৱালী মহাবিদ্যালয়, ধুবুৰীৰ যুটীয়া সঞ্চালকালয়ৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যালয়, এখন চিকিৎসালয়, জিলা কাৰাগাৰ, ঐতিহাসিক সৰু পাচপিৰ দৰগাহ আৰু মিনি বাছ ষ্টেণ্ড। পিছে বছৰ বছৰ ধৰি গেলা পঁচা এক দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰিছে চৌদিশে। গাহৰিয়ে ঘেৰী ৰাখিছে চৌপাশে। ধুবুৰী জিলা কাৰাগাৰৰ এই দুৰ্গন্ধময় পৰিৱেশ এতিয়া কলেজীয়া ছাত্ৰ ছাত্ৰী, ৰোগী, সাধাৰণ ৰাইজ বা সেই পথেৰে চলাচল কৰা পথচাৰিক পদে পদে বিপদত পেলাইছে। যাৰ বাবে বিয়পিছে ৰোগ আৰু এক অস্বাস্থ্যকৰ পৰিবেশ।

ধুবুৰীৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া বা ধুবুৰী পৌৰসভাৰ শীৰ্ষ বিষয়া কৰ্মচাৰী প্ৰতিদিনেই এই পথেৰে চলাচল কৰে যদিওঁ আজিলৈ কোনো ভ্ৰুক্ষেপ নাই এই দুৰ্গন্ধময় গেলা পঁচা ঠাইডোখৰক লৈ। চৰকাৰে প্রতি বছৰে লাখ লাখ টকা স্বচ্ছ ভাৰত অভিযানৰ নামত খৰচ কৰে যদিওঁ ধুবুৰী চহৰৰ মাজ মজিয়াৰ এই ঠাই ডোখৰৰ প্ৰতি কনো ভ্ৰুক্ষেপ নাই ধুবুৰী জিলা প্ৰশাসনৰ। এনে পৰিস্থিতিত কাষতেই থকা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে জ্বলাকলা প্ৰতিদিনে। অহা যোৱা কৰাত লগতে নিজৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো এক দুৰ্গন্ধময় পৰিবেশৰ মাজত থাকিবলৈ বাধ্য হৈছে ছাত্ৰী সকল।

পৰিস্থিতি এনে পৰ্যায় লৈ পাইছে যে নাকত কাপোৰ নিদিয়াকৈ সেই ঠাই অতিক্ৰম কৰিব নোৱাৰে কোনো এজন ব্যক্তি। স্থানীয় ৰাইজ, মহাবিদ্যায়ৰ ছাত্ৰী আৰু প্ৰতিজন ব্যক্তিয়ে অনতি পলমে ব্যাৱস্থা গ্ৰহণ কৰি এই ঠাই পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ধুবুৰীৰ জিলা প্ৰশাসনক আহ্বান জনাইছে। অন্যথা এফালে জাপানীজ এনকেফেলাইটিছৰ দৰে মাৰাত্মক ৰোগ বিওপি থাকিবই আৰু ১৩ গৰাকী ব্যক্তিৰ দৰেই মৃত্যুক সাৱটিব আৰু বহু ব্যক্তিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande