পানীৰ বাবে ঐক্যবদ্ধ হৈ বেঁকী নদীৰ অবৈধ বান্ধ ভাঙিবলৈ ওলাই আহিল মহিলা
পানীৰ বাবে ঐক্যবদ্ধ হৈ বেঁকী নদী ৰ অবৈধ বান্ধ চিঙি দিৱ ওলাই আহিল মহিলা।
পানীৰ বাবে ঐক্যবদ্ধ হৈ বেঁকী নদীৰ অবৈধ বান্ধ ভাঙিবলৈ ওলাই আহিল মহিলা


বাক্সা, ১০ জানুৱাৰী (হি.স.): পানীৰ বাবে ঐক্যবদ্ধ হৈ বেঁকী নদীৰ অবৈধ বান্ধ চিঙি দিবলৈ যোৱা কালি শুকুবৰাবে বিয়লি ওলাই আহিল মহিলাসকল। শালবাৰীৰ বেঁকী নদীত মাজত অবৈধ খননকাৰ্য চলোৱাৰ বাবে বৃহৎ বান্ধ দিয়াত শুকাই গৈছে নদীৰ পানী, ফলত নাইকিয়া হৈছে দমকলৰ পানী। ফলত হাকাৰময় পৰিস্তিতি ওলাই আহিল অবৈধ বান্ধ চিঙি দিবলৈ এলেঙামাৰী, চুনবাৰী গাঁৱৰ ৰাইজে।

বেঁকী নদীত আজিও অব্যাহত আছে হকে বিহকে খননকাৰ্য । কোটি কোটি টকাৰ জিঅ বেগৰ বান্ধৰ প্ৰতি তীব্ৰ ভাবুকি সৄষ্টি কৰিছে এই অবৈধ বান্ধটোৱে। জিলা প্ৰশাসন আৰু চৰকাৰক আহ্বান কৰিলে অবৈধ বান্ধ দিয়া মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পানীৰ অভাৱত থকা খোৱা পানীৰ নৈ পৰীয়া ৰাইজে । উল্লেখ্য় যে বিভিন্ন সংবাদ মাধ্যমত ধাৰবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই তৎকালীন বাবে জাননী দি বন্ধ কৰিছিল অবৈধ খননকাৰ্য, কিন্তু আজিও অব্যাহত ৰাখিছে অবৈধ খনন কাৰ্য্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande