ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ টিচিএলচিচি আৰু ভিচিডিচিৰ নিযুক্তিপত্ৰ বিতৰণ
ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ টিচিএলচিচি আৰু ভিচিডিচিৰ নিযুক্তিপত্ৰ বিতৰণ ।

কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.): বিপিএফ নেতৃত্বাধীন বিটিচি পৰিষদীয় চৰকাৰৰ ফকিৰাগ্ৰাম সমষ্টিৰ অধীনৰ টিচিএলচিচি আৰু ছয়খন ভিচিডিচিৰ সভাপতি আৰু সদস্য/ সদস্যা সকলক নিযুক্তিপত্ৰ বিতৰণ কৰা হয় ৷ ফকিৰাগ্ৰাম সমষ্টিৰ ব্লক কাৰ্যলয়ত সভাপতি তথা পাৰিষদ এজামুল হকৰ সভাপতিত্বত যোৱা কালি শুকুৰবাৰে বিয়লি পৰিচালিত হোৱা সভাত প্ৰতিটো কমিটিৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হয় ৷

টিচিএলচিচিৰ সভাপতি হিচাপে পাৰিষদ এজামুল হকক নিযুক্তি দিয়াৰ উপৰি চিথিলা ভিচিডিচি সভাপতি হিচাপে কৰেন ৰায়, বৰুৱাপাৰা ভিচিডিচিৰ সভাপতি হিচাপে সাহিল আহমেদ, ফকিৰাগ্ৰাম ভিচিডিচিৰ সভাপতি হিচাপে সহিদুল ইছলাম, শক্তিআশ্ৰমত ৰামিছ আনজুম, জয়পুৰত বিকী মোল্লা আৰু কালঝাৰ ভিচিডিচিৰ সভাপতি হিচাপে ৰফিজুদ্দিন সেখে নিযুক্তিপত্ৰ লাভ কৰে ৷ উক্ত সভাত ফকিৰাগ্ৰাম ব্লক সমিতিৰ সাধাৰণ সম্পাদক পুলকেশ ৰায়, বিপিএফৰ সংখ্যালঘু কোষৰ কেন্দ্রীয় সভাপতি সুলতান আলমৰ লগত প্ৰাইমাৰীৰ সভাপতি সম্পাদক আৰু বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande