ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ
কামৰূপ, ১০ জানুৱাৰী (হি.স.)। ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। ৰঙিয়াৰ আইঅচিত উদ্ধাৰ ৬০ উৰ্ধৰ মৃতদেহ । মৃত লোকজনৰ পিন্ধনত আছে নিলা আৰু ৰঙা ৰঙৰ জেকেট আৰু পেন্ট । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰঙিয়া আৰক্ষীক খৱৰ
ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ


কামৰূপ, ১০ জানুৱাৰী (হি.স.)। ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। ৰঙিয়াৰ আইঅচিত উদ্ধাৰ ৬০ উৰ্ধৰ মৃতদেহ । মৃত লোকজনৰ পিন্ধনত আছে নিলা আৰু ৰঙা ৰঙৰ জেকেট আৰু পেন্ট । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰঙিয়া আৰক্ষীক খৱৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় ।

বৰ্তমান ৰঙিয়া থানাৰ মৰ্গত আছে মৃতদেহটো । বৰ্তমানো কোনো পৰিচয় উদ্ধাৰ হোৱা নাই লোকজনৰ । উল্লেখ্য যে মৃত লোকজন দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হল নেকি সেয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande