
ডিব্ৰুগড়, ১০ জানুৱাৰী (হি.স.)। ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈৰ দেওধাই গাঁৱত নাহৰফুটুকীৰ আক্ৰমণত দুজনকৈ যুৱক আহত হৈছে । আহত যুৱক দুজন ক্ৰমে বিৰিঞ্চি ফুকন আৰু অভিজ্ঞান ঠাকুৰ বুলি পৰিচয় পোৱা গৈছে । পুৱা ওচৰতে থকা বাগানত হেপাহে কুকুৰা ধৰিছে বুলি যাওঁতে যুৱক দুজনক আক্ৰমণ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে ।
আহত দুয়ো জন যুৱকক তিলৈ সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসকে প্ৰেৰণ কৰিছে । নাহৰফুটুকীটো এতিয়াও এখন চাহ বাগানত আশ্ৰয় লৈ আছে । ইফালে বন বিভাগৰ লোককো নাহৰফুটুকীটোৱে আক্ৰমণ কৰিবলৈ চোচা লয় । এই ঘটনাৰ পিছৰে পৰা স্থানীয় ৰাইজ সকল আতংকিত হৈ আছে । আনহাতে নাহৰফুটুকীটো কৰায়ত্ত কৰি অঞ্চলটো শংকামুক্ত কৰিবলৈ আহ্বান জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু