তামাৰহাটৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
তামাৰহাটৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ ।
তামাৰহাটৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ


ধুবুৰী, ১০ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । পূৰ্বৰ পঞ্চায়তৰ কাৰ্যকাল শেষ হোৱা আৰু বৰ্তমান পঞ্চায়ত গঠন হোৱাৰ মাজৰ সময় ছোৱাত পঞ্চায়ত সচিব আব্দুল লতিফ সৰকাৰে কেইবাটাও আঁচনিৰ কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে । উক্ত সময়চোৱাত ছোলাৰ পাৱাৰ প্লাণ্টৰ নামত ৪ লাখ ১৩ হাজাৰ টকা সচিব গৰাকী বেংকৰ পৰা টকা উঠায় যদিও পাৱাৰ প্লাণ্টৰ কোনো কাম পঞ্চায়ত খনত নকৰাৰ অভিযোগ উঠিছে ।

গাওঁ পঞ্চায়ত খনৰ কাৰ্যালয় মেৰামতিৰ বাবে ১ লাখ ৩০ হাজাৰ টকাৰ আঁচনি গ্ৰহণ কৰে । কিন্তু কাৰ্যালয়ৰ গৃহত নিম্নমানৰ ৰং আৰু সামান্য মেৰামতি কৰাৰ অভিযোগ উঠিছে। আনহাতে পঞ্চায়ত খনত প্ৰৱেশ গেটৰ পৰা কাৰ্যালয়লৈ চি চি ব্লক পথ নিৰ্মান কৰাৰ বাবে এক লাখ ৮০ হাজাৰ টকাৰ এখন আঁচনি গ্ৰহণ কৰে । গেটৰ পৰা কাম আৰম্ভ নকৰি প্ৰায় ১৫ মিটাৰ দূৰৰ পৰা নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে । তদন্ত কৰি সচিব গৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande