
কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.): বিটিচিৰ গুমা পৰিষদীয় সমষ্টিৰ মান্দাৰকুটিত যোৱা কালি বিয়লি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । গোৰ্খা সম্প্ৰদায়ৰ মনোনীত পাৰিষদ নন্দলাল মগৰক গোসাঁইগাঁও গোৰ্খা সম্প্ৰদায় কোষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে বিটিচিৰ কাৰ্যবাহী সদস্য এগোষ্টিন টিগ্গা আৰু গুমা পৰিষদীয় সমষ্টিৰ পাৰিষদ এন্তাজ আলীকো সম্বৰ্ধনা জনায়।
চিএছবি (Central Selection Board)-ত সংখ্যালঘু মুছলমান নথকাত বিটিচি সংখ্যালঘু দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চি এছ বি -ত সংখ্যালঘুৰ কাৰণে ভাল খবৰ আহিব বুলি গুমাৰ পাৰিষদ এন্তাজ আলীয়ে সাংবাদিকক জনায়। বৃহত্তৰ মাৰ্শুলঝোৰা অঞ্চলত বসবাস কৰা গোৰ্খা, ৰাভা, আদিবাসী, বড়ো সকলৰ পশুপালনৰ প্ৰতি লক্ষ্য ৰাখি পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য এগোষ্টিন টিগ্গাই মান্দাৰকুটি অঞ্চলত এখন পশু উপ স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মানৰ কথা ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ