গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ ৩৮৮সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে ব্যাসকুছি সত্ৰত উখল মাখল পৰিবেশ
বৰপেটা, ১০ জানুৱাৰী (হি.স.)। গদ্য সাহিত্যৰ জনক কবিৰত্ন মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য(ভট্টদেৱ)ৰ ৩৮৮ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে ব্যাসকুছি সত্ৰত উখল মাখল পৰিবেশ বিৰাজ কৰিছে l বৰপেটা জিলাৰ ব্যাসকুছি গাঁৱত জীৱনৰ শেষ কাষলৈ থাকি
গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ ৩৮৮সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে ব্যাসকুছি সত্ৰত উখল মাখল পৰিবেশ


বৰপেটা, ১০ জানুৱাৰী (হি.স.)। গদ্য সাহিত্যৰ জনক কবিৰত্ন মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য(ভট্টদেৱ)ৰ ৩৮৮ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে ব্যাসকুছি সত্ৰত উখল মাখল পৰিবেশ বিৰাজ কৰিছে l

বৰপেটা জিলাৰ ব্যাসকুছি গাঁৱত জীৱনৰ শেষ কাষলৈ থাকি স্থাপন কৰা কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য দেৱৰ আজি ৩৮৮ সংখ্যাক তিৰোভাৱ তিথি৷মহাপুৰুষ গুৰু জনা ভট্টাচাৰ্য দেৱৰ তিথি মহোৎসৱত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ লগতে দৰ্শনাৰ্থী সমাগম হৈছে ব্যাসকুছি ভট্টদেৱ সত্ৰত। ইতিমধ্যে পুৱাৰ ভাগত ধৰ্মীয় ৰীতিনীতি অনুসৰি পিণ্ড দান কৰা হয় আৰু তাৰ পিছত ভকতবৃন্দৰ দ্বাৰা নামপ্ৰসংগ কৰা হয়৷ গুৰু জনাৰ তিৰোভাৱ তিথি এইবেলি ব্যাসকুছি ভট্টদেৱ মিলন সমিতিয়ে ৭ দিনিয়াকৈ বিভিন্ন কাৰ্যসূচীৰে ব্যাসকুছি সত্ৰত সভা মহোৎসৱ অনুষ্ঠিত কৰিছে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande