টিংখাঙৰ ১ নং নাচনী সৰুপথাৰত শোকাৱহ পথ দুৰ্ঘটনা
টিংখাঙৰ ১ নং নাচনী সৰুপথাৰত শোকাৱহ পথ দুৰ্ঘটনা।
টিংখাঙৰ ১ নং নাচনী সৰুপথাৰত শোকাৱহ পথ দুৰ্ঘটনা


ডিব্ৰুগড়, ১০ জানুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ১ নং নাচনী সৰুপথাৰত যোৱা কালি শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । বৈদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে দ্ৰুতবেগী বাইক এখনে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক চালক জন। নিহত যুৱকজন ১ নং নাচনী গাঁৱৰ মানস টিখৰিয়াল (৩৪) বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য় যে এএছ ০৬ ডব্লিউ ৭৫৩৩ নম্বৰৰ বাইকেৰে কেণ্ডুগুৰি দিশে গৈ থাকোঁতেই সংঘটিত হয় এই ঘটনা। খৱৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় টিংখাং আৰক্ষী । লগতে ১০৮ সেৱাৰ জৰিয়তে সংকটজনক অৱস্থাত যুৱকজনক ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক পৰীক্ষা নিৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande