চামগুৰিত হিট এণ্ড ৰানৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যু
চামগুৰিত হিট এণ্ড ৰানৰ ঘটনা, মৃত্যু এগৰাকী মহিলাৰ।
চামগুৰিত হিট এণ্ড ৰানৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যু


নগাঁও, ১০ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি শুকুৰবাৰে নিশা হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হয়। এই ঘটনাত মৃত্যু হয় এগৰাকী মহিলাৰ । নিশা অচিনাক্ত বাহনে মহতিয়াই নিয়ে এগৰাকী অচিনাকী মহিলাগৰাকীক ।

নিশা চামগুৰিৰ এইচপি তেল ডিপোৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই মৃত্যু হোৱা মহিলা গৰাকীৰ । চামগুৰি আৰক্ষী থানাৰ উপ পৰিদৰ্শক দ্বীপ জ্যোতি বৰুৱাৰ নেতৃত্বত থকা নিশা তহলদাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande