
কামৰূপ, ১০ জানুৱাৰী (হি.স.)। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিহু ঝুমুইৰ বিনন্দীয়াৰ পিছত এইবাৰ ১০ হাজাৰ শিল্পীয়ে একেলগে প্ৰদৰ্শন কৰিব বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্য। বড়ো জনগোষ্টীৰ বাগুৰুম্বা নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰতকৈ অধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্য । অহা ১৭ জানুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধান মন্ত্ৰী গৰাকীৰ সন্মুখত পৰিবেশন কৰিব বাগুৰুম্বা নৃত্য।
উল্লেখ্য় যে অসমৰ ১০ হেজাৰ নৃত্য শিল্পীয়ে অংশগ্ৰহন কৰিব এই বাগুৰুম্বা নৃত্যত। ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বিধানসভা পৰ্যায়ৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হৈছে প্ৰশিক্ষণ। ৰঙিয়াৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰটো অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হৈছে প্ৰশিক্ষণ। ৰঙিয়া আৰু কমলপুৰৰ মুঠ এশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই লৈ ৰঙিয়াৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এক সুন্দৰ পৰিবেশে বিৰাজ কৰিছে । ৰঙিয়া সমজিলা আয়ুক্তই প্ৰশিক্ষণ শিবিৰটো তদাৰক কৰি আছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা