বৰপেটা ৰোড ৰেল ষ্টেচনত দল সংগঠনৰ অৱস্থান ধৰ্মঘট
বৰপেটা, ১০ জানুৱাৰী (হি.স.)। বৰপেটা ৰোড ৰেল ষ্টেচনত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট l বৰপেটা ৰোড ৰেল ষ্টেচনত দূৰণিবটীয়া ট্ৰেইন সমূহ ৰখোৱাৰ দাবীত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট। বৰপেটা ৰোড ৰেল ষ্টেচনৰ সন্মুখত বৰপেটা ৰোডৰ লগতে বৰপেটা জিলাৰ বিভিন
বৰপেটা ৰোড ৰেল ষ্টেচনত দল সংগঠনৰ অৱস্থান ধৰ্মঘট


বৰপেটা, ১০ জানুৱাৰী (হি.স.)। বৰপেটা ৰোড ৰেল ষ্টেচনত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট l বৰপেটা ৰোড ৰেল ষ্টেচনত দূৰণিবটীয়া ট্ৰেইন সমূহ ৰখোৱাৰ দাবীত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট। বৰপেটা ৰোড ৰেল ষ্টেচনৰ সন্মুখত বৰপেটা ৰোডৰ লগতে বৰপেটা জিলাৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহন কৰে।

বৰপেটা ৰোড ৰেল ষ্টেচনত মুলতঃ বন্দে ভাৰত এক্সপ্ৰেছ, ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছ, কামাখ্যা-বাংগালোৰ এক্সপ্ৰেছ, আনন্দ বিহাৰ এক্সপ্ৰেছ, কামাখ্যা-হাওড়া বন্দে ভাৰত এক্সপ্ৰেছ আদি দুৰণিবটীয়া ৰেল সমুহ ৰখোৱাৰ দাবী জনায়। আনহাতে অসমৰ তীৰ্থ যাত্ৰী সকলৰ সুবিধাৰ বাবে কোচ বিহাৰৰ পৰা ডিব্ৰুগড়লৈ লোকেল ট্ৰেইন চলাচলৰো দাবী তোলে।

এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা লবলৈ আহ্বান বৰপেটা ৰোডৰ জ্যেষ্ঠ নাগৰিকৰ। ইপিনে এই দাবীৰ সমান্তৰালভাবে বৰপেটাৰোড ৰেল ষ্টেচনৰ উত্তৰ দিশে টিকট কাউন্টাৰ স্থাপন কৰা, শীত তাপ নিয়ন্ত্ৰিত জিৰণি কক্ষ, ফুট অভাৰ ব্ৰীজৰ সমস্যা সমুহ সমাধানৰ দাবী জনায়। এই দাবী সমুহ শীঘ্ৰে সমাধানৰ দাবী জনায়, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে দল সংগঠন সমুহৰ প্ৰতিনিধিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande