
Assam, 10
আকৰ্ষণীয় ভেলাঘৰ প্ৰস্তুতেৰে ভোগালীক আদৰিবলৈ সাজু হৈছে ৰজাবাৰী বৰা গাঁওবাসী l
যোৰহাট, ১০ জানুৱাৰী (হি.স.)। সমাগত অসমীয়াৰ ভোগালী উৎসৱ ভোগালী বিহু। মাজত মাত্ৰ তিনিটা দিন। ব্যস্ততাৰ অন্ত নাই সকলোৰে। যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত জাঁজী ৰজাবাৰী বৰা গাঁৱতো ভোগালী বিহু উপলক্ষে সুকীয়া পৰিবেশ বিৰাজ কৰিছে । নিশা নিশাটোলৈকে ভেলা ঘৰ প্ৰস্তুতত ব্যস্ত হৈ পৰিছে স্থানীয় ৰাইজ।
উল্লেখযোগ্য যে বিগত কেইবাটাও বছৰে অসমীয়া চহা গ্ৰাম্য সমাজখনৰ পৰা ক্ৰমাত হেৰাই যাবলৈ উপক্ৰম হোৱা বিভিন্ন সামগ্ৰী, বিভিন্ন পৰিবেশ নৱ প্ৰজন্মক ভেলাঘৰৰ মাজেৰে চিনাকী কৰাই দিয়াৰ উদ্দশ্যে এইখন গাঁৱত প্ৰতিবছৰৰ এইদৰে বিভিন্ন আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰি অঞ্চলটোত বিশেষ সমাদৰ লাভ কৰি আহিছে । কিন্তু এইবাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে ম্ৰিয়মান কৰি তুলিছে আৰু সেয়ে ভোগালী উদযাপন স্থলীতে তেওঁলোকে অহা ১১ জানুৱাৰীত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰিব য'ত নিশালৈ গীত, নৃত্য, নাটক আদি প্ৰদৰ্শন হ'ব। অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানত সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু