চাওঁতাল জনগোষ্ঠীক বিপিএফ-বিজেপি দল ত্যাগৰ নিৰ্দেশ এছুৰ
মুখ্যমন্ত্ৰীৰ মন্তব্যত অসন্তুষ্টি এছু নেতৃত্বৰ।
চাওঁতাল জনগোষ্ঠীক বিপিএফ-বিজেপি দল ত্যাগৰ নিৰ্দেশ এছুৰ


দোষীক ৰক্ষনাবেক্ষন চিৰাং জিলা প্ৰশাসনৰ।

কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.): কোকৰাঝাৰৰ সেৰফানগুৰীত যোৱাকালি শুকুৰবাৰে বিয়লি সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)ই এক সংবাদমেল অনুষ্ঠিত কৰি শাসকীয় বিজেপি আৰু বিটিচিৰ বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ পৰে । নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যত অসন্তুষ্টি ব্য়ক্ত কৰি তীব্ৰ সমালোচনা কৰে। গতেল চাওঁতাল জনগোষ্ঠীক বিপিএফ-বিজেপি দল ত্যাগৰ নিৰ্দেশ দিয়ে এছুৱে। ।বৃহত্তৰ চাওঁতাল জনগোষ্ঠীৰ পৰা বিটিচি চৰকাৰে চিএছবিত নাম নথকাত ক্ষোভ ব্য়ক্ত কৰে। বাৰংবাৰ বিপিএফক অনুৰোধ কৰা সত্ত্বেও এজনো প্ৰতিনিধি নথকাত তীব্ৰ নিন্দা জনায়।

চাওঁতাল জনগোষ্ঠীক সুবিধা নিদিয়াৰ বাবে চাওঁতাল জনগোষ্ঠীক বিপিএফ দল ত্যাগ কৰাৰ আহ্বান জনাইছে। চিৰাং জিলাৰ চাইমন কিস্কুৰ ঘটনাক লৈ তীব্ৰ সমালোচনা কৰে। ১১ তাৰিখৰ ভিতৰত চৰকাৰ তথা প্ৰশাসনে চাইমন কিস্কুৰ ছুৰিকাঘাতৰ ঘটনাৰ দোষীক গ্ৰেপ্তাৰ নকৰিলে ১২ তাৰিখ চিৰাং জিলা ১২ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমৰমে। তথাপিও যদি চৰকাৰৰ গা নলৰে তেনেহ'লে অনাগত দিনত অসম বন্ধ দিয়াৰ সিদ্ধান্ত ল’ব বুলি সদৌ চাওঁতাল ছাত্ৰ সন্থাই হুংকাৰ দিয়ে। চিৰাং জিলা প্ৰশাসন বিফল আৰু দোষীক ৰক্ষনাবেক্ষন দিয়া কাৰ্য্যক গৰিহণা দিয়ে। আনহাতে ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ দাতীকাষৰীয়া চাওঁতাল ৰাইজক উচ্ছেদৰ পৰিকল্পনা কৰাক লৈ সৰৱ হৈ পৰে এছু । এই লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিবলৈ আহ্বান জনায় এছুৰ উপ সভাপতি দূৰ্গা চৰেনে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande