বাক্সা জিলাৰ চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা
বাক্সা জিলাৰ চৰকাৰী বিদ্যালয় ৰ দুৰাৱস্থা দেখিলে চক্ষু কপালত উঠিব আপোনাৰ ।
বাক্সা জিলাৰ চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা


বাক্সা, ১০ জানুৱাৰী (হি.স.): বাক্সা জিলাৰ চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থাই সচেতন লোকসকলৰ চক্ষু কপালত তুলিছে। শিক্ষকৰ অভাৱতেই জালাহ শিক্ষা খণ্ড ৰ ১২৬০ নং এলেঙামাৰী প্ৰাথমিক বিদ্যালয়ত পাঠদান চলি আছে।

এগৰাকী প্ৰধান শিক্ষকে পাঁচ টাকৈ শ্ৰেণীত দিব লগে হৈছে ছাত্ৰ ছাত্ৰীক শিক্ষা। বাক্সা জিলা শিক্ষা বিভাগ তথা জালাহ শিক্ষা খণ্ডৰ চূড়ান্ত হেমাহিৰ বাবে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংসৰ মুখলৈ গৈ আছে। দৈনিক নিয়মিত ভাবে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী সকল আহে যদিও শিক্ষকৰ অভাৱৰ বাবে ঘৰমুৱা হ’ব লগা হয় কন কন শিক্ষাৰ্থী সকল ৷ এইক্ষেত্ৰত শিক্ষক নিযুক্ত নকৰি চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা লৈছে নেকি বুলি অভিযোগ উথাপন কৰিছে স্থানীয় লোকে। লগতে ছাত্ৰ–ছাত্ৰীসকলৰ সুবিধাৰ্থে শিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande