প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনক লৈ আৰক্ষী প্ৰশাসনৰ বিশেষ পথ নিৰ্দেশনা
প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনক লৈ আৰক্ষী প্ৰশাসনৰ বিশেষ পথ নিৰ্দেশনা।
প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনক লৈ আৰক্ষী প্ৰশাসনৰ বিশেষ পথ নিৰ্দেশনা


নগাঁও, ১০ জানুৱাৰী (হি.স.): প্ৰধানমন্ত্ৰীৰ কলিয়াবৰ আগমনক লৈ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ পথ নিৰ্দেশনা। মৌচন্দা পথাৰত অগ্ৰগতিৰ খতিয়ান ল’বলৈ উপস্থিত হয় নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে নগাওঁ জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা । অহা ১৭ অথবা ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব কলিয়াবৰৰ মৌচন্দা পথাৰলৈ। কলিয়াবৰৰ মৌচন্দা পথাৰৰ আশে-পাশে ৮ টাকৈ স্থানত সমষ্টিভিত্তিক হ’ব বৃহৎ পাৰ্কিং ব্যৱস্থা।

তেজপুৰৰ পৰা নগাওঁ অভিমুখে অহা গাড়ী বৰঘূলি আৰু নলতলি হৈ নগাওঁ যাব লাগিব। তেজপুৰৰ পৰা জখলাবন্ধা-যোৰহাট অভিমুখে অহা গাড়ীসমূহ চুলুং হৈ শিলঘাট-কুঁৱৰীটোল হৈ আৰু জখলাবন্ধা হৈ যাব লাগিব। গুৱাহাটীৰ পৰা যোৰহাট-তেজপুৰ যাব লগা গাড়ীৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা।কলিয়াবৰ তিনিআলিত নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেতুখন কেইদিনমানৰ বাবে সাময়িকভাৱে মুকলি কৰি দিয়া হব যান-বাহন চলাচলৰ বাবে।অনুষ্ঠানত প্ৰায় ৪ হাজাৰ গাড়ী থাকিব। প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ৩ হাজাৰ ৫০০ আৰক্ষী নিয়োজিত হ’ব। প্ৰায় ২ লাখ লোকৰ সমাগম হ’ব প্ৰধানমন্ত্ৰীৰ কলিয়াবৰৰ অনুষ্ঠানত।

উল্লেখ্য যে¸ কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি হ’ব নিৰ্মাণ হ'বলগীয়া ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande