
গোৱালপাৰা, ১০ জানুৱাৰী (হি.স.)। পশ্চিম গাৰো পাহাৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত ' অচিক' সদস্যৰ মৃত্যু। অঞ্চলজুৰি উত্তেজনা বৃদ্ধি। অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত কালি এক চাঞ্চল্যৰ সৃষ্টি কৰা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, কালি বিয়লি ভাগত ৰাজাবালা আৰক্ষী থানাৰ অন্তৰ্গত গোৱালগাঁৱত অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে 'অচিক' (ACHIK) নামৰ বেচৰকাৰী সংগঠনটোৰ এজন সদস্যক নিৰ্মমভাৱে আক্ৰমণ কৰে।
নিহত সদস্য জনক আমকগিৰিৰ বাসিন্দা তথা গাবান মাৰাকৰ পুত্ৰ দিলচেং এম. চাংমা বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চাংমাক লগে লগে ভাইটবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও আঘাতৰ মাত্ৰা অধিক হোৱাৰ বাবে তেওঁক তুৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসালয়লৈ নি থকা অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
পশ্চিম গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক অব্ৰাহাম টি. চাংমাই (IPS) এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে যে আৰক্ষীৰ কেইবাটাও দলে ইতিমধ্যে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে। জিলা প্ৰশাসনে অঞ্চলটোত শান্তি-শৃংখলা বজায় ৰাখিবলৈ এখন 'শান্তি কমিটি' গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। আৰক্ষীয়ে জনসাধাৰণক কোনো ধৰণৰ অপপ্ৰচাৰ বা উচতনিমূলক বাতৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা