জটিল ৰোগত আক্ৰান্ত নাওঁজানৰ কণমানি এটি দেৱশিশু
জটিল ৰোগত আক্ৰান্ত নাওঁজানৰ কণমানি এটি দেৱশিশু।
জটিল ৰোগত আক্ৰান্ত নাওঁজানৰ কণমানি এটি দেৱশিশু


গোলাঘাট, ১০ জানুৱাৰী (হি.স.): গোলাঘাট জিলাৰ নাওঁজান জোনালীপথাৰৰ মনোজ বৰা আৰু নিজৰা বৰা নামৰ দম্পত্তি হালৰ ১৫ মহীয়া কন্যা সন্তানটি আক্ৰান্ত হৈছে এক জটিল ৰোগত। কিছু দিনৰ পৰা ১৫ মহীয়া কন্যা সন্তানটিক গোলাঘাট, ডিমাপুৰৰ বহু কেইখন চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পাছতো সুফল নোপোৱাত এতিয়া কণমানি দেৱশিশুটিৰ প্ৰয়োজন উন্নত চিকিৎসাৰ। যাকলৈ এতিয়া চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া দৰিদ্ৰ পিতৃ মাতৃয়ে।

শিশুটিৰ উন্নত চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন বুজন পৰিমাণৰ অৰ্থৰ। কণমানি দেৱশিশুটিৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন ৰাইজৰ সহায়ৰ। স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ পৰাও সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। পৰিয়ালটোক সহায় কৰিব বিচাৰিলে কণমানিজনিৰ পিতৃ মনোজ বৰাৰ ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 40031362977 IFSC CODE - SBIN0017207 নম্বৰলৈ ধন প্ৰেৰণ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande