
নগাও, ১০ জানুৱাৰী (হি.স.)। ৰহাত ঐতিহ্যমণ্ডিত ’মা বসুন্ধৰী থান’ৰ আশীষ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে৷ শনিবাৰে মন্ত্ৰী গৰাকীয়ে ৰহাত একেলগে পাঁচখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ ৰহাৰ চাপৰমুখত অনুষ্ঠিত এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ উপলক্ষে এক মুকলি সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংঘালে৷
সভাত মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে৷ ইপিনে আজিও বিজেপিত আনুষ্ঠানিকভাৱে যোগদান নকৰা বিধায়ক শশীকান্ত দাসৰ '২৬ টিকটৰ ক্ষেত্ৰত দিল্লীয়ে সিদ্ধান্ত ল’ব বুলি মন্ত্ৰী অশোক সিংঘালে গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ ইয়াৰ পুৰ্বে মন্ত্ৰী গৰাকীয়ে ৰহাৰ গছপৰাত অৱস্থিত ঐতিহ্যমণ্ডিত ’মা বসুন্ধৰী থান’ দৰ্শন কৰি মাৰ আশীৰ্বাদ গ্ৰহণ কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা