মেৰাপানীৰ চলংপথাৰত অএনজিচি ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছাৰ
গোলাঘাট, ১০ জানুৱাৰী (হি.স.)। মেৰাপানীৰ চলংপথাৰত অএনজিচি ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ লগতে কেইবাটাও স্থানীয় সংগঠনৰ। অএনজিচি য়ে তেল অম্বেষনৰ বিপৰীতে স্থানীয় অঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আদিবাসী ছাত্র
মেৰাপানীৰ চলংপথাৰত অএনজিচি ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছাৰ


গোলাঘাট, ১০ জানুৱাৰী (হি.স.)। মেৰাপানীৰ চলংপথাৰত অএনজিচি ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ লগতে কেইবাটাও স্থানীয় সংগঠনৰ। অএনজিচি য়ে তেল অম্বেষনৰ বিপৰীতে স্থানীয় অঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আদিবাসী ছাত্র সংগঠনটোৰ। আছাৰ দৈয়াং আঞ্চলিক সমিতি, মহিলা শক্তি সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰে পুৱাৰে পৰা কাছমাৰী ইপিএছ অএনজিচি তৈলখাদলৈ যোৱা পথ অৱৰোধ কৰে প্ৰতিবাদকাৰী সকলে।

বিশেষকৈ চলং পথাৰ তৈলখাদৰ সন্মুখৰ পথচোৱা দীৰ্ঘদিনে জৰাজীৰ্ণ হৈ থকাৰ পাছতো আজিকোপতি পথছোৱা মেৰামতি কৰি নিদিলে অএনজিচি কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, মেৰাপানীৰ কাষৰীয়া অঞ্চল সমূহত দহটাতকৈও অধিক তৈলখাদ থকা স্বত্তেও স্থানীয় ৰাইজৰ অভিযোগ সমূহক বুঢ়াআঙুলি প্ৰদৰ্শন কৰি নিজ ময় মতালিৰে কাম কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে । বিগত সময়তো চলংপথাৰ গাওঁবাসীৰ অভিযোগ আৰু দাবী সমূহ উত্থাপন কৰি অএনজিচি দক্ষ বিষয়াৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছিল যদিও আজি পৰ্যন্ত অএনজিচি তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি নজনোৱা বাবে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

যাৰ ফলস্বৰূপে আজি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈ ভেলৌগুৰি চাৰি আলিৰ পৰা হিন্ধুপুৰ অএনজিচি লৈকে এই মূল পথচোৱা মেৰামতি কৰা, চলংপথাৰ অঞ্চলটোৰ প্ৰতি ১০০ মিটাৰত ষ্টীট লাইট, ক্লাৱৰ চাৰিসীমা দেৱাল নিৰ্মাণ, ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা, যি সকল মাটিৰ গৰাকী আছিল তেওঁলোকৰ পৰিয়ালৰ লোকক কৰ্ম সংস্থাপন দিয়া আদি বহু কেইটা মূল দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande