
কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ভদেয়াগুৰি স্থিত ব্ৰহ্ম ফিলিং ষ্টেচনত অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ মক ড্ৰিল অনুষ্ঠিত কৰা হয়। যোৱা কালি শুকুৰবাৰে বিয়লি অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা সহযোগত আদানি গেছ কোম্পানী উদ্যোগত মক ড্ৰিল অনুষ্ঠিত কৰে। উক্ত মক ড্ৰিলত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলৰ লগতে আৰক্ষী, স্বাস্থ্য বিভাগ আৰু স্থানীয় প্ৰশাসনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
মক ড্ৰিলৰ জৰিয়তে অগ্নিকাণ্ড সংঘটিত হ’লে উদ্ধাৰ কাৰ্য, অগ্নি নিৰ্বাপন, আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰ আদিৰ প্ৰদৰ্শন কৰা হয়।এইধৰণৰ মক ড্ৰিলৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত বিভিন্ন বিভাগৰ মাজত সমন্বয় বৃদ্ধি পায় আৰু সাধাৰণ ৰাইজ সচেতন হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ