১৮ জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড ক'ৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
কাজিৰঙা, ১০ জানুৱাৰী (হি.স.)। ১৮ জানুৱাৰীত কলিয়াবৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰায় ৭০০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ''বলগীয়া কাজিৰঙাৰ এলিভেটেড ক''ৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। এই উপলক্ষে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্
১৮ জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড ক'ৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে


কাজিৰঙা, ১০ জানুৱাৰী (হি.স.)। ১৮ জানুৱাৰীত কলিয়াবৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰায় ৭০০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড ক'ৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

এই উপলক্ষে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ জনসভা। প্ৰায় ডেৰ লাখ ২৫ হাজাৰ লোক উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থলী তৈয়াৰ কৰাৰ বাবে এতিয়া দিনে-নিশেই ব্যাপক তৎপৰতা চলিছে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত। সভাস্থলী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে বিভিন্ন চৰকাৰী বিভাগ। শনিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীযুয হাজৰিকাই সভাস্থলী পৰিদৰ্শন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande