কহঁৰাৰ শংকৰদেৱ শিশু নিকেতনে আয়োজন কৰিছে শিশু মেলাৰ
কাজিৰঙা, ১০ জানুৱাৰী (হি.স.)। কাজিৰঙাৰ এখন বিশেষ বজাৰ৷ ফল-মূল,শাক-পাচলিকে ধৰি বিভিন্ন বয়- বস্তুৰে ভৰপুৰ বজাৰখন। বজাৰখনত ভিৰ কৰিছে গ্ৰাহকে‌। প্ৰকৃততে এই বজাৰখন কাজিৰঙাৰ কহঁৰাৰ শংকৰদেৱ শিশু নিকেতনে আয়োজন কৰা শিশু মেলা যত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি
কহঁৰাৰ শংকৰদেৱ শিশু নিকেতনে আয়োজন কৰিছে শিশু মেলাৰ


কাজিৰঙা, ১০ জানুৱাৰী (হি.স.)। কাজিৰঙাৰ এখন বিশেষ বজাৰ৷ ফল-মূল,শাক-পাচলিকে ধৰি বিভিন্ন বয়- বস্তুৰে ভৰপুৰ বজাৰখন। বজাৰখনত ভিৰ কৰিছে গ্ৰাহকে‌। প্ৰকৃততে এই বজাৰখন কাজিৰঙাৰ কহঁৰাৰ শংকৰদেৱ শিশু নিকেতনে আয়োজন কৰা শিশু মেলা যত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে।

ঘৰতে উৎপাদিত পাচলিৰ লগতে অন্যান্য ঘৰতে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ পয়োভৰ দেখা গল এই শিশু মেলাত। পাঠ্যপুথিৰ শিক্ষাৰ লগতে বাহ্যিক জগতৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰোৱাৰ উদ্দেশ্যে এই বিশেষ শিশু মেলাৰ আয়োজন কৰিছে বিদ্যালয়খনে। লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিও ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande