
নগাঁও, ১০ জানুৱাৰী (হি.স.)। নগাঁৱৰ চামগুৰি আৰক্ষীয়ে শুকুৰবাৰে নিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানত জব্দ কৰা হয় ৩০টাকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক এখন। লগতে আটক কৰা হৈছে দুজন সৰবৰাহকাৰী ।
নিশা চামগুৰিৰ আৰক্ষীৰ এটা তহলদাৰী আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি চামগুৰিৰ সোণাৰীবালীত জব্দ কৰে এএছ ২৩ বিচি ৫২৯৯ নম্বৰৰ ৩০ টাকৈ চোৰাং গৰু ভৰ্তি বাহন খন। ধেমাজিৰ চিমেন চাপৰিৰ পৰা চোৰাং গৰু ভৰ্ত্তি ট্ৰাকখন গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত নগাঁৱৰ চামগুৰিৰ সোণাৰীবালীত আৰক্ষীৰ জালত পৰে। ইফালে ধৃত সৰবৰাহকাৰী দুটা ধেমাজিৰ অজিৎ দত্ত আৰু ফৰমূজ আলী বুলি পৰিচয় পোৱা গৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰজু কৰি তদন্ত অব্য়াহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু