ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ প্ৰতিৰোধ জিও বেগৰ কামত ব্যাপক অনিয়মৰ অভিযোগ
ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ প্ৰতিৰোধ জিও বেগৰ কামত ব্যাপক অনিয়ম।
ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ প্ৰতিৰোধ জিও বেগৰ কামত ব্যাপক অনিয়মৰ অভিযোগ


ধুবুৰী, ১০ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ প্ৰতিৰোধ জিও বেগৰ কামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঠিকাদাৰে নিজ মইমতালিৰে ছাপ ঠিকাৰ মাধ্যমত জিও বেগৰ কামত ব্যাপক দূৰ্ণীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উস্থাপন হৈছে ৷ ইফালে উক্ত প্ৰতিৰোধৰ কামত উপস্থিত থকা কৰ্মৰত বিভাগীয় বিষয়াই কামত অনিয়ম হোৱাৰ কথা সাংবাদিকৰ আগত স্বীকাৰ কৰিলে ।

ফকীৰগঞ্জ অঞ্চলত দীৰ্ঘ দিন ধৰি অব্যাহত আছে নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম। ৭‌ কোটি টকা ব্যয়সাপেক্ষে চৰকাৰে হামিদাবাদৰ পৰা ওৱাহাব বজাৰলৈকে ১২০০ মিটাৰ কাম আৱণ্টন দিয়ে আৰু কামৰ ঠিকা লাভ কৰে শৈইফ খান নামৰ ঠিকাদাৰ জনে ৷ পৰিতাপৰ বিষয় যে ঠিকাদাৰ শৈইফ খানে বিভাগিয়ো কৰ্তৃপক্ষক মেনেজ কৰি ছাব ঠিকাৰ মাধ্যমত উক্ত জিও বেগৰ কাম কৰাত ব্যাপক অনিয়ম আৰু দূৰ্ণীতি হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ কৰ্মৰত এজন বিভাগীয় বিষয়াই জানিব দিয়া মতে প্ৰতিটো জিও বেগত ভৰাব লাগে ১২৬ কিলোগ্ৰাম কৈ মাটি কিন্তু ছাব-ঠিকাদাৰৰ নিৰ্দেশ মৰ্মে শ্ৰমিক সকলে জিও বেগত ভৰাই আছে ৭০-৮০ কিলোগ্ৰাম কৈ মাটি। ছাব ঠিকাদাৰে প্ৰতিটো জিও বেগত মাটি ভৰোৱাৰ নামত পায় ৩৫ টকাকৈ। জিও বেগত কমকৈ মাটি ভৰোৱা পৰিলক্ষিত হোৱাত ৰাইজৰ উপস্থিতিত কৰ্মৰত বিভাগিয়ো বিষয়া সকলে ওজন জোখাৰ পিছতে পোহৰলৈ আহে প্ৰকৃত দৃশ্য৷ ৰাইজৰ অভিযোগ ঠিকাদাৰজনে জনপ্ৰতিনিধি আৰু বিভাগীয় বিষয়া সকলৰ মাজত গোপন বুজাবুজিৰ বাবেই চলি আছে এই অনিয়ম। ঠিকাদাৰৰ সৈতে কোন কোন বিষয়া আৰু জন প্ৰতিনিধিৰ গোপন বুজাবুজি আছে সেয়া কিন্তু ৰহস্যৰ বিষয় হৈ পৰিছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande