
গোলাঘাট, ১০ জানুৱাৰী (হি.স.)। গোলাঘাটত স্বামী বিবেকানন্দৰ ১৬৩ সংখ্যক জন্ম জয়ন্তী উদযাপন। স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে গোলাঘাট বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে ৭ জানুৱাৰীৰ পৰা পাঁচ দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে জন্ম জয়ন্তী উদযাপন কৰিছে। এই উপলক্ষে শণিবাৰে এক বৰ্ণাঢ্য বিবেক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়।
গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাই চহৰখনৰ মাজেদি অগ্ৰসৰ হৈ পুনৰ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত সমাপ্ত হয়। শোভাযাত্ৰাৰ আৰম্ভণিতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মীনাৰায়ণ গোস্বামীয়ে বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভ যাত্ৰাৰ আৰম্ভ কৰে।
অনুষ্ঠানত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন বিকাশ চেতীয়াৰ লগতে পৰিচালনা সমিতিৰ সভাপতি প্ৰখ্যাত দুৱৰা উপস্থিত থাকে। শোভাযাত্ৰাত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা বহু সংখ্যক অভিভাৱকে উৎসাহেৰে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলে। স্বামী বিবেকানন্দৰ আদৰ্শ আৰু চিন্তাধাৰা সমাজলৈ প্ৰচাৰ কৰাই এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা