
যোৰহাট, ১০ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাৰ কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়াকৈ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস-প্ৰাক্তন ছাত্ৰ সমাৰোহ উদ্যাপন কৰা হৈছে। ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বৰ্ণাঢ্য কাৰ্যসূচী। প্ৰথমদিনাই বাহিৰ কৰা হয় এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা । ইয়াত ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ, বিদ্যালয়খনৰ সৈতে জড়িত লোকে অংশগ্ৰহণ কৰে।
বৰহোলাৰ কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ উপলক্ষে উদযাপনস্থলীত পুৱাৰে পৰা উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰে। প্ৰথম দিনা ৯ জানুৱাৰীৰ পুৱা বন্তি প্ৰজ্বলন, তোৰণ উন্মোচনৰ পিছতে বাৰেৰহনীয়া এক সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ভালেসংখ্যক সচেতন ৰাইজে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।
দুপৰীয়া প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সভাপতি অজিত ফুকনৰ সভাপতিত্বত প্ৰাক্তন ছাত্ৰ সমাৰোহখন অনুষ্ঠিত হয়।
সভাত বৰহোলা মহাবিদ্যালয়ৰ অধ্যাপিকা মৃদুস্মিতা ফুকন নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন শইকীয়া, প্ৰধান শিক্ষক পংকজ পূজাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ চুতীয়া, ইন্দ্ৰকান্ত বৰা আদিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
কেইবাগৰাকীও শিক্ষক-শিক্ষয়ত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰথম দিনটোৰ মূল কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু