বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি
বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি


ধুবুৰী, ১০ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰচণ্ড শীতৰ মাজত মুকলি আকাশৰ তলত দিন-ৰাতি অতিবাহিত কৰিছে উচ্ছেদিতই।

উল্লেখ্য যে- উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলাই মুক্ত কৰিছে প্ৰায় ৫ হাজাৰ বিঘা ভূমি। মঙ্গলবাৰে গাঁও তিনিখনত চৰকাৰে অধিগ্ৰহণ কৰা পট্টাভুক্ত ভূমিত চলে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনৰ বুলড'জাৰৰ কোৱত তচনচ হয় বহুকৈইটা পট্টাভুক্ত পৰিয়ালৰ বাসগৃহ। সম্প্ৰতি একাংশ পট্টাভুক্ত পৰিয়ালে পৰ্যাপ্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। গৃহ, ভূমি, গছ-গছনি, পুখুৰী আদিৰ পৰ্যাপ্ত ক্ষতিপূৰণ বিচাৰি চৰকাৰ প্ৰশাসন লৈ কাতৰ অনুৰোধ জনাইছে উচ্ছেদিত পৰিয়ালে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande