
শিৱসাগৰ, ১০ জানুৱাৰী (হি.স.): শিৱসাগৰ ডিমৌ আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে বৃহৎ অভিযান চলায় । অভিযানত হাজাৰ লিটাৰৰো অধিক চুলাই মদৰ সামগ্ৰী জব্দ কৰা হৈছে । চাহ বাগিচা অঞ্চলত অবৈধ চুলাই মদৰ প্ৰচলন ৰোধ কৰিবলৈ শিৱসাগৰ জিলাৰ ডিমৌৰ আৰক্ষীয়ে যোৱা কালি শুকুৰবাৰে নিশা এক বৃহৎ অভিযান চলায়।
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডিমৌ শাখাৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত ৰাজমাই চাহ বাগিচাৰ লগুৱাবাৰী ৮ নং লাইনত এই অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে হাজাৰ লিটাৰৰো অধিক অবৈধ চুলাই মদ নিৰ্মাণৰ সামগ্ৰী জব্দ কৰাৰ লগতে সেইসমূহ থিতাতে ধ্বংস কৰে। আৰক্ষীৰ এই তৎপৰতাক ‘আটছা’ৰ ডিমৌ শাখাৰ সভাপতি বিশ্বনাথ নাগে প্ৰশংসা কৰাৰ লগতে অভিযানত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। এই অভিযানৰ পাছতেই আবকাৰী বিভাগৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আটছাই । আটছাৰ দাবী, কেৱল সামগ্ৰী ধ্বংস কৰাই নহয়, অবৈধ চুলাই মদৰ ব্যৱসায়ৰ সৈতে জড়িত থকা মূল ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা ল’ব লাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ