ডিমৌত ভোগালী মেলাৰ আয়োজন
চৰাইদেউ, ১০ জানুৱাৰী (হি.স.)। ডিমৌত ভোগালী মেলাৰ আয়োজন। ডিমৌ পৌৰসভাৰ উদ্যোগত আৰু নগৰীয়া মহিলা আত্মসহায়ক গোটসমূহৰ সহযোগত ভোগালী মেলা ২০২৬ৰ আজি শুভ উদ্বোধন কৰা হৈছে। ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে বন্তি প্ৰজ্বলনেৰে ফিটা কাটি শুভ উদ্ধোধন কৰা
ডিমৌত ভোগালী মেলাৰ আয়োজন


চৰাইদেউ, ১০ জানুৱাৰী (হি.স.)। ডিমৌত ভোগালী মেলাৰ আয়োজন। ডিমৌ পৌৰসভাৰ উদ্যোগত আৰু নগৰীয়া মহিলা আত্মসহায়ক গোটসমূহৰ সহযোগত ভোগালী মেলা ২০২৬ৰ আজি শুভ উদ্বোধন কৰা হৈছে। ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে বন্তি প্ৰজ্বলনেৰে ফিটা কাটি শুভ উদ্ধোধন কৰা ভোগালী মেলাত ডিমৌৰ বিশটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে।

আত্মসহায়ক গোট সমূহে বিহুৰ পিঠা-পনা, ৰহি সাজ, ছাই মদ, গাহৰি মাংস পোৰা, কাপোৰ, অসমীয়া গহণা, ফুলৰ পুলি আদি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। আজিৰ পৰা ১০,১১ আৰু ১২ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ভোগালী মেলাত প্ৰতিকী ভেলাঘৰ আৰু মেজি সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande