
বৰপেটা, ১০ জানুৱাৰী (হি.স.)। বৰপেটাত মৃতদেহ উদ্ধাৰ। বৰপেটাৰ গান্ধী নগৰৰ চাউলখোৱা নৈৰ মথাউৰিৰ পাৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো ৰঙাপানীৰ প্ৰাক্তন ৱাৰ্ড সদস্য ৰমজান আলীৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে । লোকজনৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেই বিষয়ে বৰ্তমানো জানিব পৰা হোৱা নাই ।
অৱশ্যে পৰিয়ালৰ লোকে এইটো এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। ইতিমধ্যে ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষী মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিতসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।লোকজনৰ হত্যাকাণ্ড হৈছে নে আন কাৰণত মৃত্য়ুবৰণ কৰিছে মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে নিশ্চিত কৰিব পৰা যাব বুলি আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়া গৰাকী সংবাদ মাধ্যমক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা