বিজনীৰ বৰলাউগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ আজিৰ দ্বিতীয় দিন
চিৰাং, ১০ জানুৱাৰী (হি.স.)। বড়ো ভাষাৰ মাধ্যমক অসম চৰকাৰে পূৰ্বৰে পৰা মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৰ । আজি চিৰাঙৰ বিজনীৰ বৰলাউগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধি
বিজনীৰ বৰলাউগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ আজিৰ দ্বিতীয় দিন


চিৰাং, ১০ জানুৱাৰী (হি.স.)। বড়ো ভাষাৰ মাধ্যমক অসম চৰকাৰে পূৰ্বৰে পৰা মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৰ ।

আজি চিৰাঙৰ বিজনীৰ বৰলাউগাঁৱত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ আজিৰ দ্বিতীয় দিনত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্য্যসূচী সমাপন হোৱা পিছত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে।

ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ পৰা নিজৰ মাতৃভাষাৰ বড়ো মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহ ৰক্ষা কৰিবলৈ বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক ভৰ্তি কৰোৱাৰ আহ্বান বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৰ ।

নিজৰ মাতৃভাষা বড়ো মাধ্যমৰ বিদ্যালয় যদি আমি ৰক্ষা কৰিব নোৱাৰো তেনেহলে বড়ো জাতীয়তাবাদ কেনেকৈ বচাই ৰাখিব পাৰিম। বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে হ্ৰাস হোৱাটোক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ সুযোগ গ্ৰহণ কৰি অসম চৰকাৰে বহু বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয় ইতিমধ্যেই বন্ধ কৰি অইন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিছে আৰু আগলৈ কৰি গৈ থকাৰ কথা উল্লেখ কৰে।

বড়ো ভাষাৰ মাধ্যমক অসম চৰকাৰে পূৰ্বৰে পৰা মাহী আইৰ দৃষ্টিৰে চাই আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৰ ।

কিন্তু ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত আমি বড়ো সাহিত্য সভাই অকলে নহয় নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে অন্যান্য বড়ো জাতীয় সংগঠন লগত ঐক্যবদ্ধ ভাবে কাম কৰি আহিছো আৰু আগলৈ বহুকেইটা নতুন পৰিকল্পনা লৈ কাম কৰি যোৱাৰ কথা উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande