
ধুবুৰী, ১০ জানুৱাৰী (হি.স.)। ৰাজ্যত সৰবৰাহ হৈ আছে যুৱ প্ৰজন্মক ধ্বংস কৰা নিষিদ্ধ ব্ৰাউন চুগাৰ তথা ড্ৰাগছ। নিশাৰ ভাগত গুৱাহাটীৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহৰ অভিযোগ দীৰ্ঘদিনীয়া । তেনে এক ঘটনা পোহৰলৈ আহিছে চাপৰত। এক গোপন সুত্ৰৰ পোম খেদি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা চাপৰৰ ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলায় এক অভিযান।
গুৱাহাটীৰ পৰা ধুবুৰী অভিমূখে আহি থকা এখন যাত্ৰীবাহী নৈশ বাছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ তথা ড্ৰাগছ। আৰক্ষীয়ে ১০ টাকৈ চাবোনৰ বাকচত ১১১ গ্ৰাম ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত হাতে লোটে আটক কৰিবলৈ সক্ষম হয় তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ক্ৰমে ছাউথ শালমাৰা ফকিৰগঞ্জৰ ফুলবোৰ আলী, হুছেইন আলী আৰু গৌৰীপুৰৰ আলাউদ্দিন সেখ বুলি জানিব পৰা যায়। পিছত চাপৰ আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি জব্দকৃত ড্ৰাগছসহ তিনিওকে থানালৈ লৈ আহে আৰু ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar